মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

অনুকম্পামূলক নিযুক্তি

  • অনুকম্পামূলক নিযুক্তি পাৰছন্যাল (বি) বিভাগে প্ৰদান কৰে। এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে যদি কৰ্তব্য পালন কৰি থকাৰ সময়ত মৃত্যুমুখত পৰে তেতিয়া মুঠ খালী পদৰ ৫% খালী পদৰ বিপৰীতে মৃত কৰ্মচাৰী গৰাকীৰ যোগ্য পত্নী/পতি, ল’ৰা-ছোৱালীক অনুকম্পামূলক নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হয়।

    কৰ্মচাৰীগৰাকীৰ মৃত্যুৰ এবছৰৰ ভিতৰত যোগ্য প্ৰাৰ্থীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিব লাগে। ‘ডিএলচি’ ত এই প্ৰস্তাৱ ৰাখিবলৈ বৈধ উত্তৰাধিকাৰী প্ৰমাণপত্ৰ আৰু কৰ্মচাৰীগৰাকীৰ মৃত্যুৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগে। ‘ডিএলচি’ ৰ স্বীকৃতি লাভৰ পিছত এই প্ৰস্তাৱ নিযুক্তিৰ অনুমোদন/স্বীকৃতি লাভৰ বাবে ‘এছএলচি’ ৰ ওচৰত প্ৰস্তুত কৰিব লাগে।