মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

অস্ত্ৰৰ অনুজ্ঞাপত্ৰ

  • অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে কেনেকৈ আবেদন কৰিব ?

    সূচী ১ ত দিয়া হোৱা আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰি অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব লাগে। বিধিগতভাৱে পূৰ কৰা এই আবেদন প্ৰ-পত্ৰ প্ৰয়োজনীয় নথিপত্ৰৰে সৈতে অসমৰ জিলা অনুসৰি ইয়াৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ কাৰ্য্যালয়ত দাখিল কৰিব লাগে নতুবা সময়ে সময়ে অস্ত্ৰ আইন সংশোধনী অনুসৰি ভাৰত চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া মাচুলৰে সৈতে অসম চৰকাৰৰ গৃহ বিভাগত এই আবেদন প্ৰ-পত্ৰ দাখিল কৰিব লাগে।

    অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ প্ৰয়োজনৰ প্ৰকৃতি অনুসৰি বিভিন্ন প্ৰকাৰৰ নথিপত্ৰৰ প্ৰয়োজন হয়। তলত দিয়া প্ৰমাণপত্ৰ সমূহ আৰু তথ্য দাখিল কৰাটো বাধ্যতামূলক : 

    1. ব্যক্তিগত বিৱৰণ।
    2. ঠিকনা প্ৰমাণ।
    3. বয়সৰ প্ৰমাণপত্ৰ।
    4. আৰক্ষী সত্যাসত্য প্ৰতিবেদন।
    5. আবেদনকাৰীৰ সদ্য পাছপোৰ্ট আকাৰৰ ফট’গ্ৰাফ আৰু স্বাক্ষৰ।
    6. কৰ্মত নিয়োজিত থকা কৰ্মচাৰীৰ ক্ষেত্ৰত No Objection Certificate বা অনাপত্তি প্ৰমাণপত্ৰ।
    পৰিশিষ্ট-১অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰ-পত্ৰডাউনলোড

    ইউআইএন কি ?

    অস্ত্ৰ আইন ২০১৬ অনুসৰি অনুজ্ঞা কৰ্তৃপক্ষই মুকলি কৰি দিয়া অস্ত্ৰৰ অনুজ্ঞাপত্ৰত অনন্য চিনাক্তকৰণ সংখ্যা (ইউনিক আইডেণ্টিফিকেশ্বন নম্বৰ) ইউআইএন থকাটো বাধ্যতামূলক। অনন্য চিনাক্তকৰণ সংখ্যা অবিহনে কোনো অস্ত্ৰৰ অনুজ্ঞাই বৈধ নহয়। এয়া নিশ্চিত ৰূপত বুজি পাব লাগিব যে ইয়াৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত এই সংখ্যা উলিয়াবই লাগিব। সকলো ধৰণৰ অনুজ্ঞা উলিওৱাৰ প্ৰকাৰ যেনে ব্যক্তিগত, প্ৰতিষ্ঠান সম্পৰ্কীয়, অস্ত্ৰ ব্যৱসায়ৰ বাবে, ক্ৰীড়া সংস্থাৰ বাবে, অস্ত্ৰ প্ৰস্তুতকৰ্তাৰ বাবে ইত্যাদি সকলো ক্ষেত্ৰতে অনন্য চিনাক্তকৰণ সংখ্যা ইউআইএন থকাটো বাধ্যতামূলক। অস্ত্ৰৰ অনুজ্ঞাধাৰী সকলো ব্যক্তিয়েই অনন্য চিনাক্তকৰণ সংখ্যা (ইউনিক আইডেণ্টিফিকেশ্বন নম্বৰ) ৰ বাবে অনুজ্ঞা প্ৰদান কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিব লাগে যাৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বৈধতা অটুট ৰাখিব পাৰে।

    অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ নৱীকৰণৰ বাবে কেনেকৈ আবেদন কৰিম ?

    অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ নৱীকৰণৰ বাবে এগৰাকী ব্যক্তিয়ে সূচী-২ ত দিয়া আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰি লৈ প্ৰয়োজনীয় সকলোবোৰ নথিপত্ৰৰে সৈতে আবেদন কৰিব লাগে। নৱীকৰণৰ সময়ছোৱাত পূৰ্ববৰ্তী নথিপত্ৰসমূহৰ পুনৰ সত্যাসত্য পৰীক্ষণ অনুজ্ঞা কৰ্তৃপক্ষই আৰক্ষীৰ সহযোগত কৰিব পাৰে। এনে সকলোবোৰ ক্ষেত্ৰতে য’ত অন্য অনুজ্ঞা কৰ্তৃপক্ষই অনুজ্ঞা প্ৰদান কৰে তাত আৰক্ষীৰ দ্বাৰা সত্যাসত্য পৰীক্ষা কৰোৱা হয়।

    পৰিশিষ্ট-২অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ নৱীকৰণ প্ৰ-পত্ৰডাউনলোড


    অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰ বৈধতা সময় কেনেকৈ বৃদ্ধি কৰিব পাৰি ?

    ৰাজ্য চৰকাৰে সৰ্বোচ্চ তিনিখন চুবুৰীয়া ৰাজ্যলৈ অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰ বৈধতা প্ৰদান কৰিব পাৰে আৰু সৰ্বভাৰতীয় পৰ্যায়লৈ ৰাজ্যিক পৰ্যায়ত ক্ষেত্ৰ বৈধতাৰ বাবে নিম্ন উল্লিখিত শ্ৰেণীসমূহ আহে :

    1. কেন্দ্ৰীয় মন্ত্ৰী।
    2. মিলিটাৰী, পেৰামিলিটাৰী বিষয়া।
    3. সৰ্বভাৰতীয় সেৱাৰ বিষয়া।
    4. ক্ৰীড়াবিদ।

    ওপৰত উল্লিখিত শ্ৰেণীসমূহৰ বাবে কৰা আবেদন ৰাজ্যৰ সচিব (গৃহ) পৰ্যায়ত অনুমোদন জনোৱা হয়। ওপৰত উল্লিখিত শ্ৰেণীত নপৰা কাৰকৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ সকলো নিয়ম অনুসৰি আগতীয়া সন্মতি গ্ৰহণ কৰে।

    অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ মূল্যৰ তালিকাৰ বাবে : ইয়াত ক্লিক কৰক।