মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

লোকায়ুক্ত আৰু উপ-লোকায়ক্তৰ ক্ষমতা আৰু কাৰ্যাৱলী

  • ৰাজহুৱা কাৰ্য্যসমূহৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ অনুসন্ধানৰ জৰিয়তে লোক প্ৰশাসনৰ মান উন্নত কৰিবলৈ অসম লোকায়ুক্ত আৰু উপ-লোকায়ুক্ত আইন ১৯৮৫ ৰ পৰিচিতি ঘটোৱা হয় যিয়ে ১৯৮৬ চনৰ ১২ ডিচেম্বৰ তাৰিখে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিৰ পৰা সন্মতি লাভ কৰে আৰু ইয়াৰ পৰৱৰ্তী সময়ত জাননী নম্বৰ: PLA.193/83 অনুসৰি ১৯৮৮ চনত অসম লোকায়ুক্ত আৰু উপ-লোকায়ুক্ত নিয়মসমূহ গঠন হয়। ইয়াৰ আৰম্ভণিৰ সময়ৰেপৰা মন্ত্ৰীসকল আৰু অন্যান্য নিৰ্বাচিত কৰ্তৃপক্ষক সামৰি লৈ ইয়াৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগসমূহৰ অনুসন্ধান কৰে। লোকায়ুক্ত/উপ-লোকায়ুক্ত, অসমৰ কাৰ্য্যালয়ত কাৰ্য্যনিৰ্বাহ কৰা মাননীয় ন্যায়াধীশসকলৰ তালিকা তলত দিয়া হ’ল:

    ক্ৰমিক সংখ্যালোকায়ুক্ত আৰু উপ-লোকায়ুক্তৰ নামদায়িত্ব গ্ৰহণ/সম্পাদনৰ সময়সীমা
    পৰালৈ
    মাননীয় ন্যায়াধীশ শ্ৰীযুত টি চি দাস, লোকায়ুক্ত, অসম১/২/১৯৮৯৩১/১/১৯৯৪
    মাননীয় ন্যায়াধীশ শ্ৰীযুত আৰ কে মণিসনা সিং, লোকায়ুক্ত, অসম১০/২/১৯৯৪২১/৩/১৯৯৫
    মাননীয় ন্যায়াধীশ শ্ৰীযুত ডি এন বৰুৱা, উপ-লোকায়ুক্ত, অসম১/৩/২০০১২৮/২/২০০২
    মাননীয় ন্যায়াধীশ শ্ৰীযুত পি চি ফুকন, উপ-লোকায়ুক্ত, অসম৩/৩/২০০৬৩০/১১/২০০৭
    মাননীয় ন্যায়াধীশ শ্ৰীযুত ডি বিশ্বাস, উপ-লোকায়ুক্ত, অসম২৮/৪/২০১০৩১/৮/২০১২
    মাননীয় ন্যায়াধীশ শ্ৰীযুত এইছ বৰুৱা, উপ-লোকায়ুক্ত, অসম৭/৫/২০১৪  ৩১/১০/২০১৬
    মাননীয় ন্যায়াধীশ শ্ৰীযুত চি আৰ শৰ্মা, উপ-লোকায়ুক্ত, অসম১৪/৩/২০১৭বৰ্তমানলৈ

    লোকায়ুক্ত সংগঠন শক্তিশালী কৰি তুলিবৰ বাবে তলত উল্লেখ কৰা পদক্ষেপসমূহ গ্ৰহণ কৰা হয়:

    • লোকায়ুক্ত আৰু উপ-লোকায়ুক্তৰ আইনৰ প্ৰসংগত জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ অসমৰ স্থানীয় বাতৰি কাকতত ইয়াৰ বিজ্ঞাপন প্ৰচাৰ কৰা হয়।
    • লোকায়ুক্তৰ কাৰ্য্যালয়, অসমে ইয়াৰ ইতিহাস, লোকায়ুক্তৰ বিভিন্ন বিধানসমূহ, ইয়াৰ বিভিন্ন ক্ষমতা আৰু কাৰ্য্য আৰু ই অভিযোগসমূহৰ প্ৰতিকাৰ আৰু সমাধান কৰা ইত্যাদি বিষয়সমূহৰ একত্ৰিকৰণেৰে ইয়াৰ ৱেবচাইট assamlokayukta.gov.in মুকলি কৰে।
    • আগলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশসমূহ ডেপুটি আয়ুক্তসকলক প্ৰদান কৰা হয় আৰু উপ সংমণ্ডল বিষয়া (গৃহ) সকলে তেওঁলোকৰ নিজা নিজা কাৰ্য্যালয়ত এটাকৈ লোকায়ুক্ত কোষ গঠন কৰে।