মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী

 

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী হৈছে ভাৰতীয় নাগৰিকসকলৰ নাম সন্নিৱিষ্ট হৈ থকা পঞ্জী। প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ১৯৫১ চনত এই চনৰ লোকপিয়লৰ অন্তত প্ৰস্তুত কৰা হয়। এই লোকপিয়লৰ সময়ত লাভ কৰা লোকসংখ্যাৰ ভিত্তিত তেতিয়াৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰা হয়। ১৯৫১ ৰ লোকপিয়লত ওলোৱা জনসংখ্যা আৰু তেওঁলোকৰ বংশধৰসকলক সামৰি লৈ নতুন ৰূপত তেতিয়াৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হয়। নতুবা সেইসকল ব্যক্তিক সামৰি লোৱা হয় যিসকলৰ নাম ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশালৈ ভোটাৰ তালিকাত সন্নিৱিষ্ট হয়। নতুবা ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশালৈ যিসকল ব্যক্তিৰ নাম অন্যান্য নথিপত্ৰত সন্নিৱিষ্ট হয়। ১৯৫১ চনৰ নাগৰিকপঞ্জীত প্ৰকাশিত সমূহ ব্যক্তিৰ নাম আৰু ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশা লৈ প্ৰকাশিত ভোটাৰ তালিকাক একেলগে লিগেচি ডেটা বোলে। সময়োপযোগী কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত সন্নিৱিষ্ট কৰিবলৈ দুবিধ প্ৰয়োজনীয়তা থাকে – (১) ১৯৭১ চনৰ আগৰ লোকপিয়লত ব্যক্তিগৰাকীৰ নামৰ উপস্থিতি আৰু (২) সেই ব্যক্তিগৰাকীৰ সৈতে জড়িত সম্পৰ্ক সমূহৰ প্ৰমাণ। সময়োপযোগী কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰিবলৈ পাহৰি গ’লে পৰিয়ালৰ ব্যক্তিসকলৰ নাম অন্তৰ্ভুক্তিৰে আবেদনৰ প্ৰ-পত্ৰ দাখিল কৰিব লাগে। চৰকাৰে লাভ কৰা এই আবেদনপত্ৰ পৰীক্ষা কৰি চাব আৰু নাগৰিকে দাখিল কৰা আবেদনপত্ৰৰ সত্যাসত্য প্ৰমাণকৰণৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি আপডেটেড ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হ’ব। চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰি উলিওৱাৰ আগতে আবেদনকাৰীক তেওঁলোকৰ অভিযোগ, শুদ্ধ তথ্য আদি দাখিল কৰিবলৈ এটি সুযোগ প্ৰদান কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰস্তুত কৰা হয়। এই আটাইবোৰ অভিযোগ আৰু শুদ্ধিকৰণ কাৰ্য্যৰ পৰীক্ষণৰ পিছত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰি উলিওৱা হ’ব।

অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আপডেট কৰা পৰিচালন শাখাসমূহ হৈছে- নাগৰিক আইন ১৯৫৫, আৰু নাগৰিকত্ব (নাগৰিক সকলৰ পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ উলিওৱা কাৰ্য্য) নিয়ম, ২০০৩

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ কাৰ্য্য অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যুটীয়াভাৱে সম্পন্ন কৰে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াৰ সৈতে তলত উল্লিখিত অংশসমূহ সন্নিৱিষ্ট হৈ থাকে।

  1. আবেদনৰ প্ৰ-পত্ৰ বিতৰণ আৰু ৰচিদ পৰ্ব।
  2. সত্যাসত্য প্ৰমাণকৰণ পৰ্ব।
  3. ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশ আৰু অভিযোগ গ্ৰহণ পৰ্ব।
  4. চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ।

অধিক জানিবৰ বাবে তলত দিয়া ৱেবচাইট দৰ্শন কৰক

http://nrcassam.nic.in/