মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

শিশু সৰবৰাহ

অসমৰ সকলো জিলাতে মহিলা আৰু শিশুৰ সৰবৰাহ অপৰাধৰ বিৰুদ্ধে ফলপ্ৰসূতাৰে যুঁজ দিবলৈ Anti Human Trafficking Unit (AHTU) বা মানৱ সৰবৰাহ বিৰুদ্ধ গোট গঠন কৰা হৈছে আৰু কাৰ্য্যক্ষম কৰি তোলা হৈছে। এনে ৩৫ টা মানৱ সৰবৰাহ বিৰুদ্ধ গোটৰ ১০ টাকেই ‘এমএইছএ’ ই নিধি প্ৰদান কৰিছে। এই মানৱ সৰবৰাহ বিৰুদ্ধ গোটসমূহে বেচৰকাৰী সংগঠন, সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ, শ্ৰম বিভাগ, ভিডিপি ইত্যাদি বিভাগৰ সহযোগত মানৱ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দি আহিছে। এই মানৱ সৰবৰাহ বিৰুদ্ধ গোট গঠিত হোৱা মানৱ শক্তিয়ে এই কাৰ্য্য কৰি আছে। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে এই মানৱ সৰবৰাহ বিৰুদ্ধ গোট সমূহলৈ নিধি প্ৰদান কৰিছে। জিলা আৰক্ষী পৰিদৰ্শকসকলক এই মানৱ সৰবৰাহ বিৰুদ্ধ গোটসমূহে ফলপ্ৰসূতাৰে কাম কৰিব পৰাকৈ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হয়। জিলা আৰক্ষী পৰিদৰ্শকসকলকো অপৰাধ প্ৰতিৰোধ কৰিবলৈ আৰু এনে ঘটনাসমূহ সঘনাই সংঘটিত হোৱা বুলি প্ৰতিবেদন লাভ কৰা ক্ষেত্ৰসমূহৰ চিনাক্তকৰণ কৰি ইয়াৰ বাবে অংশীদাৰসকল সন্মিলিত হৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত বেচৰকাৰী সংগঠন, নাগৰিক সমাজ, পঞ্চায়ত সদস্য, ভিডিপি, চৰকাৰী সংস্থা, ইউনিচেফ ইত্যাদিৰ সহায় লোৱাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হয়।

  1. ১৯৯৪ চনত চিআইডি সংগঠনত এটি মহিলা কোষ স্থাপন কৰা হয়। এই কোষে মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধমূলক ঘটনাসমূহৰ নিৰীক্ষণ কৰে।
  2. সকলোবোৰ সমস্যা আৰু সমস্যাসমূহৰ প্ৰতিকাৰৰ উপায়ৰ বিষয়ে অধ্যয়নৰ বাবে চৰকাৰে এটি টাস্ক ফ’ৰ্চ গঠন কৰে। টাস্ক ফ’ৰ্চে দাখিল কৰা চূড়ান্ত প্ৰতিবেদনৰ ভিত্তিত তেওঁলোকৰ পৰামৰ্শ অনুসৰি বিভিন্ন চৰকাৰী বিভাগে পদক্ষেপসমূহ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। এই প্ৰসংগত টাস্ক ফ’ৰ্চৰ এটি সমন্বিত গোট বিভিন্ন চৰকাৰী বিভাগে গ্ৰহণ কৰা কাৰ্য্যসমূহৰ পৰ্যবেক্ষণৰ বাবে গঠন কৰা হয়। এই উল্লিখিত গোটে কাৰ্য্য সম্পাদনৰ ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিভাগ/কাৰ্য্যালয়/বেচৰকাৰী সংগঠনৰ সৈতে আলোচনা অনুষ্ঠিত কৰে।
  3. অসমৰ চৰাইদেউৰ বাহিৰে আটাইকেইখন জিলাতে মহিলা আৰু শিশু সৰবৰাহ অপৰাধৰ বিৰুদ্ধে ফলপ্ৰসূতাৰে যুঁজ দিবলৈ এণ্টি হিউম্যান ট্ৰাফিকিং ইউনিট বা মানৱ সৰবৰাহ বিৰুদ্ধ গোট আছে। এই গোট সমূহে বেচৰকাৰী সংগঠন, সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ, শ্ৰম বিভাগ ইত্যাদিৰ সহযোগত এটি দল হিচাপে শিশু সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে কাম কৰি আহিছে। জিলা আৰক্ষী পৰিদৰ্শকক এই মানৱ সৰবৰাহ বিৰুদ্ধ গোটসমূহক ফলপ্ৰসূ ৰূপত নিৰীক্ষণৰ বাবে নিৰ্দেশ প্ৰদান কৰা হয়।
  4. অপৰাধ প্ৰতিৰোধ কৰিবলৈ আৰু লগতে এই অপৰাধসমূহ সঘনাই সংঘটিত হোৱা স্থানসমূহ চিনাক্তকৰণ কৰিবলৈ আৰু অংশীদাৰসকলৰ সৈতে সন্মিলিত ৰূপত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা আৰক্ষী অধীক্ষক, বেচৰকাৰী সংগঠন, নাগৰিক সমাজ, পঞ্চায়ত সদস্য, ভিডিপি চৰকাৰ, ইউনিচেফ ইত্যাদি সংস্থাৰ সহায় ল’বৰ বাবে নিৰ্দেশ প্ৰদান কৰা হয়।
  5. প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, ধুমুহা আৰু সাম্প্ৰদায়িক/জাতিক সংঘৰ্ষ য’ত বহু লোক স্থানাচ্যুত হয়, মানৱ সৰবৰাহ অপৰাধৰ বাবে শিশু আৰু মহিলাক লক্ষ্য হিচাপে লোৱাৰ পৰিস্থিতিৰ সৃষ্টি কৰে তেনে পৰিস্থিতিৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকক নিয়মিতভাৱে সতৰ্ক কৰি দিয়াৰ ব্যৱস্থা কৰা হয়।
  6. ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ উদ্যোগত দেশযোৰা সমন্বয় সাধনৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত সকলো ৰাজ্যৰে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াক মানৱ সৰবৰাহৰ বিষয়সমূহ চোৱাৰ বাবে ন’ডেল বিষয়া হিচাপে নিযুক্ত কৰা হৈছে। আটাইবোৰ ৰাজ্যৰে এই ন’ডেল বিষয়াসকলে ক্ষিপ্ৰ উদ্ধাৰ কাৰ্য্যৰ বাবে সূক্ষ্ম সমন্বয় ব্যৱস্থা পৰিচালনা কৰে।
  7. অপৰাধ অনুসন্ধান বিভাগ অসমে অসমীয়া ভাষাত এটি ‘এছঅপি’ প্ৰস্তুত কৰে আৰু এনে ঘটনাৰ সংক্ৰান্তত পৰামৰ্শ প্ৰদানৰ বাবে এয়া ক্ষেত্ৰ বিষয়াসকলৰ মাজত বিতৰণ কৰে।
  8. তথ্য লাভৰ বাবে আৰু গুৱাহাটী মহানগৰীত মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ১০০ নম্বৰ ডায়েল কৰা ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰা হয়।
  9. অপৰাধ অনুসন্ধান বিভাগ, অসমৰ চাইবাৰ ট্ৰেনিং লেবে মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত হোৱা চাইবাৰ সংক্ৰান্তীয় অপৰাধসমূহ আৰু ইয়াৰ সৈতে অপৰাধী জড়িত হৈ থকা বিষয়টো অনুসন্ধান কৰে।
  10. নিৰুদ্দেশ হোৱা শিশুৰ সন্ধান লাভ কৰিবলৈ ভাৰত চৰকাৰৰ এটি কাৰ্য্যক্ৰম ‘ট্ৰেক চাইল্ড’ ৰাজ্যত সংসাধন কৰা হয়।