মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

বিদেশীৰ ন্যায়াধিকৰণ

অসমত বৰ্তমানে এশগৰাকী বিদেশীৰ ন্যায়াধিকৰণ সদস্যই কাম কৰি আছে। আৰম্ভণিতে ১১ টা Illegal Migrant Determination Tribunal (IMDT) য়ে কাম কৰি আছিল। আইএমডিটি আইনৰ প্ৰত্যাহাৰৰ পিছত অসম চৰকাৰে ২০০৫ চনত নতুনকৈ ২১ টা ফৰেইন ট্ৰাইবুন্যাল বা বিদেশীৰ ন্যায়াধিকৰণ প্ৰতিষ্ঠা কৰা হয়।

২০০৯ চনত অন্য চাৰিটা বিদেশীৰ ন্যায়াধিকৰণ প্ৰতিষ্ঠা কৰা হয়। ২০১৪ চনত অতিৰিক্ত ৬৪ টা বিদেশীৰ ন্যায়াধিকৰণ এফটি সমূহত অনিষ্পাদিত হৈ থকা মামলা সমূহৰ নিষ্পত্তিৰ বাবে প্ৰতিষ্ঠা কৰা হয়।

বিদেশীৰ ন্যায়াধিকৰণ আইন ১৯৪১ আৰু বিদেশীৰ ন্যায়াধিকৰণ অৰ্ডাৰ ১৯৬৪ ৰ অধীনত বিদেশীৰ ন্যায়াধিকৰণৰ সদস্য হিচাপে চৰকাৰে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি বিচাৰক/অধিবক্তাসকলক নিযুক্তি প্ৰদান কৰা হয়।