মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

সংকট আৰু আপদকালীন ব্যৱস্থাপনা

ভূমিকম্পৰ বাবে প্ৰস্তুতি পৰিকল্পনা

এটি পদ্ধতিগত অভিগমন আৰু সাংগঠনিক প্ৰস্তুতিৰ বাবে আৰু ইয়াৰ জৰিয়তে প্ৰধান লক্ষ্যসমূহত সফলতাৰে উপনীত হ’বলৈ এই পৰিকল্পনা যুগুতোৱা হৈছে। অগ্নি আৰু আপদকালীন সেৱাৰ নীতি হৈছে ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ছোৱাত আৰু বিভিন্ন দুৰ্যোগপূৰ্ণ পৰিৱেশত সেৱা আগবঢ়োৱা। এই সংগঠনৰ মূলমন্ত্ৰ হৈছে “We Serve to Save” অৰ্থাৎ জীৱন-সম্পত্তি ৰক্ষাৰ বাবে আমি সেৱা আগবঢ়াও। সকলো ধৰণৰ জীৱন, সম্পত্তি আৰু ৰাজহুৱা সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা আপদকালীন অৱস্থাত ফলপ্ৰসূ আৰু সুদক্ষ সহযোগিতা তথা সেৱা আগবঢ়াবলৈ এই বিভাগ দৃঢ়সংকল্পবদ্ধ।

  • সমূহীয়া সজাগতা আৰু প্ৰস্তুতিত জৰিয়তে ভূমিকম্পৰ বিধ্বংসী প্ৰভাৱ হ্ৰাস কৰা।
  • ইয়াৰ সৈতে জড়িত সকলো দিশতে ফলপ্ৰসূ সাহাৰ্য্য আগবঢ়োৱা।
  • অন্যান্য বিভাগ অথবা অংশীদাৰসকলৰে সৈতে সমন্বয় তথা সহযোগ ৰক্ষা কৰি চলা।
  • এটি তাৎক্ষণিক আৰু দীৰ্ঘকালীন সাহাৰ্য্য পদ্ধতিৰ বিকাশ সাধন কৰা।
  • ভূমিকম্পৰ বিষয়ে সাধাৰণ সজাগতা আৰু সুৰক্ষা উপায়ৰ সন্দৰ্ভত জনসচেতনতাৰ সৃষ্টি কৰা।

মানৱ সৃষ্ট বা প্ৰাকৃতিক সকলো ধৰণৰ দুৰ্যোগ প্ৰশমণ কৰি দুৰ্গত লোকক সেৱা আগবঢ়াবলৈ অগ্নি আৰু আপদকালীন সেৱা আৰু এছডিআৰএফ বাহিনীৰ সৈতে যোগাযোগ কৰা হয়। সম্প্ৰতি এই বিভাগ অসম চৰকাৰৰ গৃহ (বি) বিভাগৰ প্ৰশাসনীয় নিয়ন্ত্ৰণৰ অধীনত আছে আৰু ১১০ টা অগ্নি আৰু আপদকালীন সেৱা ষ্টেচন আৰু ২৭৪১ গৰাকী বিষয়া কৰ্মচাৰীৰ মানৱশক্তিৰে সমগ্ৰ ৰাজ্যবাসীৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰাৰ প্ৰতিজ্ঞাৰে কাম কৰি আছে।

কাৰ্য্য

  • সম্প্ৰদায় ভিত্তিক ভূমিকম্প সংবেদনশীলতা আৰু সজাগতা কাৰ্য্যসূচী যিয়ে বিদ্যালয়লৈ যোৱা সম্প্ৰদায়, বিভিন্ন প্ৰকাৰৰ শিক্ষা প্ৰতিষ্ঠান, চৰকাৰী আৰু ব্যক্তিগত খণ্ড ইত্যাদি সামৰি লয়।
  • বিদ্যালয়লৈ নোযোৱা সম্প্ৰদায় – ভিন্ন এপাৰ্টমেণ্ট, ওখ অট্টালিকা, ৰাজহুৱা স্থান, জীৱনৰেখা নিৰ্মাণ ইত্যাদি।
  • ব্যৱসায় সম্প্ৰদায়, মাল্টিপ্লেক্স, বাণিজ্যিক ভৱন, উদ্যোগ, ওৱেৰহাউচ, গুডাম ইত্যাদি।

ভূমিকম্প সংবেদনশীলতা আৰু সজাগতাৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ

  • সম্প্ৰদায়সমূহৰ মাজত সজাগতা সৃষ্টিৰ বাবে সংবেদনশীলতা সভা।
  • বিভিন্ন প্ৰতিষ্ঠানত দুৰ্যোগ ব্যৱস্থাপনা সমিতি গঠন।
  • দুৰ্যোগ চিনাক্তকৰণ আৰু সুৰক্ষা লেখ।
  • দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাৰ উন্নয়ন সাধন আৰু প্ৰস্তুতকৰণ।
  • দুৰ্যোগ ব্যৱস্থাপনা দল গঠন কৰা আৰু প্ৰশিক্ষণ প্ৰদান কৰা।
  • সজাগতামূলক কাৰ্য্যসমূহ সম্পাদন কৰা আৰু বিভিন্ন প্ৰতিষ্ঠানসমূহ (শিক্ষা প্ৰতিষ্ঠান, কাৰ্য্যালয়, এপাৰ্টমেণ্ট, শ্বপিং মল, চিকিৎসালয়/নাৰ্ছিংহ’ম) লৈ পৰিকল্পনাৰ প্ৰতিলিপি বিতৰণ কৰা।
  • নিয়মিত ৰূপত সজগতামূলক অভ্যাস অনুশীলনৰ কাৰ্য্যসূচীৰ আয়োজন কৰা।
  • উন্নত ৰূপৰ ফলপ্ৰসূ আৰু সামৰ্থ্য গঢ়নৰ বাবে মূল্যায়ন পৰিকল্পনা।

বিশেষ সজাগতা অভিযান

(১) চিনাক্তকৰণ কৰা হোৱা পাহাৰীয়া অঞ্চল যি ভূমিকম্প আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে তেনে স্থানত বিশেষ সজাগতা অভিযান অনুষ্ঠিত কৰা।

(২) এপাৰ্টমেণ্টসমূহত ভূমিকম্প আৰু অগ্নিকাণ্ডৰ দৰে দুৰ্যোগৰ বিৰুদ্ধে বিশেষ সজাগতা কাৰ্য্যসূচীৰ আয়োজন।

(৩) বহু মহলীয়া অট্টালিকা আৰু গুৰু উদ্যোগসমূহত অগ্নি আৰু ভূমিকম্পৰ পৰা সুৰক্ষাৰ উদ্দেশ্যে বিশেষ পৰিদৰ্শন অভিযান।

(৪) বাতৰি কাকত, মুদ্ৰণ আৰু বৈদ্যুতিক মাধ্যমৰ যোগেদি ভূমিকম্পৰ পৰা সুৰক্ষাৰ উপায়সমূহ প্ৰচাৰ কৰা।

(দুৰ্যোগ) ভূমিকম্পৰ সময়ত কৰিবলগীয়া কাৰ্য্যসমূহ

(১) ‘ষ্টেণ্ডিং অপাৰেছন প্ৰোচিডিয়াৰ’ নিয়ম অনুসৰি অগ্নি আৰু আপদকালীন ষ্টেচনৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ ১১০ নং সক্ৰিয়কৰণ।

(২) ১১০ যোগাযোগ নম্বৰ সুগম কৰা কাৰ্য্যৰ জৰিয়তে অগ্নি আদিৰ পৰা সংঘটিত হোৱা দুৰ্যোগৰ বিৰুদ্ধে যুঁজ কৰাটো আৰু প্ৰয়োজনৰ সময়ত সা-সম্পত্তি উদ্ধাৰ কৰাটো সম্ভৱপৰ হয়।

(৩) সৰ্বোচ্চ ৰূপত ফলাফল লাভ কৰিবলৈ উপলব্ধ সম্পদৰ ব্যৱহাৰ নীতি।

পৰিকল্পনা কাৰ্য্যৰ সক্ৰিয়কৰণ

(১) আপদকালীন অৱস্থা উদ্ভৱ হোৱাৰ তথ্য লাভ কৰাৰ লগে লগে সেই অঞ্চলৰ দায়িত্বত থকা অগ্নি আৰু আপদকালীন ষ্টেচনেই হয় এই ঘটনাৰ প্ৰতি প্ৰথম সঁহাৰি জনাওঁতা।

(২) তথ্যসমূহ জ্যেষ্ঠসকললৈ ক্ৰম অনুসৰি আগবঢ়াই দিয়া আৰু পুনৰ প্ৰণয়ন ব্যৱস্থাৰ সংহতি স্থাপন।

(৩) উদ্ভৱ হোৱা অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি দলৰ প্ৰতিগৰাকী সদস্যই তাত উপস্থিত জ্যেষ্ঠ বিষয়াৰ নিৰ্দেশত তেওঁলোকৰ কৰ্তব্য সম্পাদন কৰে।

(৪) প্ৰয়োজনৰ সময়ত আকস্মিক পৰিকল্পনা আৰু মান কাৰ্য্যসম্পাদন পদ্ধতি (ষ্ট্যাণ্ডাৰ্ড অপাৰেটিং প্ৰোচিডিয়াৰ) অনুসৰি তাত উপস্থিত সৰ্বোচ্চ বিষয়াই উপলব্ধ থকা উৎসসমূহৰ পৰা অধিক সম্পদৰ আহৰণ কৰিব পাৰে।