মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

আত্মসমৰ্পণকাৰী উগ্ৰপন্থীসকলৰ পুনৰ সংস্থাপন

আত্মসমৰ্পণকাৰী উগ্ৰপন্থীসকলৰ পুনৰ সংস্থাপন:

আত্মসমৰ্পণকাৰী উগ্ৰপন্থী আৰু কুপথে গমন কৰা লোকক পুনৰ সংস্থাপনৰ লক্ষ্যৰে আৰু মূলসুঁতিলৈ উভতাই অনাৰ প্ৰয়োজনীয়তাৰ দিশত অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰি আহিছে। চৰকাৰে এই লোকসকলে সসন্মানে জীৱন নিৰ্বাহ কৰিব পৰাকৈ নিয়োগ যোগ্য কৰি তুলিবলৈ তেওঁলোকৰ কৌশল বিকাশৰ দিশত প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে।

স্বাৱলম্বন: বিভিন্ন উগ্ৰপন্থী সংগঠনৰ মূলসুঁতিলৈ উভতি অহা লোকসকলৰ স্বাৱলম্বন সামৰ্থ্য গঢ় দিবলৈ গৃহ আৰু ৰাজনৈতিক বিভাগে ‘স্বাৱলম্বন’ নামেৰে এটি আঁচনি আৰম্ভ কৰিছে যাৰ জৰিয়তে অংশকালীন ৰূপত ১৬০০০ কেডাৰলৈ উদ্যোগ আৰু কৌশল বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। সফলতাপূৰ্ণ প্ৰশিক্ষণৰ অন্তত তেওঁলোকৰ বহনক্ষম জীৱনধাৰণৰ বাবে বেংক লিংক প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। বিভিন্ন ক্ষেত্ৰৰ ৬৩০ গৰাকী কেডাৰক ইতিমধ্যেই প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই উদ্দেশ্যৰ বাবে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, অসমৰ ৰাজ্যিক প্ৰতিষ্ঠান হৈছে অগ্ৰগামী ন’ডেল সংস্থা।