মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

অস্ত্ৰৰ অনুজ্ঞাপত্ৰ উলিয়াবলৈ কৰা পঞ্জীয়ন

চিহ্নাংকসূচী:

  • অনুজ্ঞা প্ৰদান কৰ্তৃপক্ষ বা গৃহ বিভাগৰ ওচৰত অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব লাগে।
  • অস্ত্ৰ আইন ১৯৫৯ ৰ নিয়ম অনুসৰি ইয়াৰ বাবে নিৰ্ধাৰিত কৰা হোৱা মাচুল প্ৰদান কৰিব লাগে।
  • অস্ত্ৰৰ প্ৰয়োজনীয়তাৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ অনুজ্ঞা আবেদনৰ বাবে ভিন্ন নথিপত্ৰৰ প্ৰয়োজন হয়।
  • অস্ত্ৰ নিয়ম ২০১৬ অনুসৰি অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ বা অনন্য চিনাক্তকৰণ সংখ্যা থকাটো বাধ্যতামূলক।

অৱলোকন

অস্ত্ৰৰ অনুজ্ঞাপত্ৰ একপ্ৰকাৰ অনুজ্ঞাপত্ৰ যি এটি এলেকাৰ চৰকাৰী কৰ্তৃপক্ষ (বিশেষকৈ আৰক্ষী বাহিনী) ই অনুজ্ঞাপত্ৰধাৰীক আগ্নেয়াস্ত্ৰ কিনিবলৈ, নিজৰ কৰি ল’বলৈ অথবা লৈ ফুৰিবলৈ অনুজ্ঞা প্ৰদান কৰে। এই ক্ষেত্ৰত বহুটো স্বৰ্ত আৰু সীমাবদ্ধতা আৰোপ কৰা হয়।

অস্ত্ৰ নিয়ম ২০১৬ অনুসৰি অস্ত্ৰৰ অনুজ্ঞাপত্ৰত ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ (ইউআইএন) বা অনন্য চিনাক্তকৰণ সংখ্যা থকাটো বাধ্যতামূলক। ইউআইএন সংখ্যা অবিহনে কোনো অস্ত্ৰ অনুজ্ঞাপত্ৰই বৈধ নহয়। এগৰাকী ব্যক্তিয়ে এয়া নিশ্চিতৰূপে বুজি পোৱা উচিত যে এই ইউআইএন অনুজ্ঞাৰ বাবে নহয় বৰঞ্চ অনুজ্ঞাপত্ৰধাৰীৰ বাবেহে প্ৰদান কৰা হয়। ব্যক্তিগত, প্ৰতিষ্ঠানীয়, অস্ত্ৰ ব্যৱসায়ী, অস্ত্ৰ প্ৰস্তুতকৰ্তা, ক্ৰীড়া সংস্থা ইত্যাদি সামৰি লৈ সকলো প্ৰকাৰৰ অনুজ্ঞাপত্ৰধাৰীৰ বাবেই অনন্য চিনাক্তকৰণ সংখ্যা (ইউআইএন) থকাটো বাধ্যতামূলক। সকলো অস্ত্ৰৰ অনুজ্ঞাপত্ৰধাৰীয়েই তেওঁলোকৰ অস্ত্ৰৰ অনুজ্ঞাৰ বৈধতা বৰ্তাই ৰখাৰ বাবে অনুজ্ঞা কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব লাগে।

প্ৰক্ৰিয়া গতি

অস্ত্ৰৰ প্ৰয়োজনীয়তাৰ বিষয়টো বিবেচনা কৰি আৰক্ষীৰ সত্যাসত্য প্ৰক্ৰিয়াৰ পিছত অনুজ্ঞা কৰ্তৃপক্ষই লিখিত ৰূপত অনুজ্ঞা প্ৰদান কৰে নতুবা অনুজ্ঞা প্ৰদান ব্যৱস্থা খাৰিজ কৰে।

যোগ্যতাৰ মাপকাঠি

তেওঁ ভাৰতীয় নাগৰিক হোৱাৰ লগতে বয়স ২১ বছৰৰ ওপৰত হ’ব লাগিব।

মাচুল

অস্ত্ৰৰ অনুজ্ঞাৰ মাচুল সন্দৰ্ভত তথ্য লাভৰ বাবে ইয়াৰ অনলাইন লিংক দৰ্শন কৰক : ইয়াত ক্লিক কৰক।

প্ৰয়োজন হোৱা নথিপত্ৰসমূহ

তলত উল্লিখিত নথিপত্ৰ আৰু তথ্যসমূহ বাধ্যতামূলক : 

  1. ব্যক্তিগত বিৱৰণ।
  2. ঠিকনা প্ৰমাণপত্ৰ।
  3. বয়সৰ প্ৰমাণপত্ৰ।
  4. আৰক্ষীৰ সত্যাসত্য প্ৰতিবেদন।
  5. আবেদনকাৰীৰ সদ্য প্ৰকাশিত পাছপোৰ্ট আকাৰৰ ফটো লগতে আবেদনকাৰীৰ স্বাক্ষৰ।
  6. কৰ্মৰত অৱস্থাৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নো অবজেকছন চাৰ্টিফিকেট বা অনাপত্তি প্ৰমাণপত্ৰ।
  7. মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্যৰ বিষয়ত চিকিৎসালয়ৰ ফিটনেছ প্ৰমাণপত্ৰ।

কেনেকৈ আবেদন কৰিব

অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিবলৈ সূচী-১ ত দিয়া আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰি ল’ব লাগে। বিধিগতভাৱে পূৰ কৰা আবেদনৰ প্ৰ-পত্ৰ ইয়াৰ বাবে প্ৰয়োজনীয় নথিপত্ৰৰে সৈতে অসমৰ সংশ্লিষ্ট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ অনুজ্ঞা প্ৰস্তুত কৰা কাৰ্য্যালয়ত নতুবা অসম চৰকাৰৰ গৃহ বিভাগত অস্ত্ৰ আইন সংশোধনী নিয়ম অনুসৰি ভাৰত চৰকাৰে নিৰূপণ কৰা নিৰ্দিষ্ট মাচুল সহকাৰে আবেদন কৰিব লগে।

সেৱাৰ প্ৰকাৰ

এই সেৱাৰ প্ৰকাৰ অফলাইন।

পূৰ কৰিবলগীয়া প্ৰ-পত্ৰ

সূচী-১অস্ত্ৰৰ অনুজ্ঞা আবেদন প্ৰ-পত্ৰডাউনলোড


কাৰ সৈতে যোগাযোগ কৰিব

অসমৰ সংশ্লিষ্ট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ অস্ত্ৰ অনুজ্ঞা প্ৰস্তুত শাখা অথবা অসম চৰকাৰৰ গৃহ বিভাগ, অসম সচিবালয়, দিশপুৰ।