মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ নৱীকৰণৰ বাবে পঞ্জীয়ন

চিহ্নাংকসূচী:

  • অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ নৱীকৰণৰ ক্ষেত্ৰত পুনৰ সত্যাসত্য পৰীক্ষণৰ প্ৰয়োজন হ’ব পাৰে।
  • অনুজ্ঞা নৱীকৰণৰ ম্যাদ তিনি বছৰ।
  • অন্যান্য নথিপত্ৰৰ লগতে আৰক্ষীৰ সত্যাসত্য পৰীক্ষণ প্ৰয়োজনীয়।
  • ইয়াৰ বাবে আবেদন প্ৰ-পত্ৰ সূচী-২ ত ডাউনলোড কৰিব লাগে আৰু দাখিল কৰিব লাগে।

অৱলোকন

অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ ম্যাদ উকলি গ’লে নতুবা অনুজ্ঞাপত্ৰ হেৰালে ইয়াৰ নৱীকৰণ কৰিব লাগে। তিনি বছৰলৈ ইয়াৰ বৈধতা সীমা বৃদ্ধি কৰা হয়।

প্ৰক্ৰিয়া গতি

অনুজ্ঞাপত্ৰৰ নৱীকৰণৰ সময়ছোৱাত অনুজ্ঞা কৰ্তৃপক্ষই আৰক্ষী কৰ্তৃপক্ষৰ দ্বাৰা ইয়াৰ সত্যাসত্য পৰীক্ষণ সম্পন্ন কৰিব পাৰে। অন্য অনুজ্ঞা কৰ্তৃপক্ষই অনুজ্ঞা প্ৰদান কৰাৰ ক্ষেত্ৰত সেই কৰ্তৃপক্ষৰ আৰক্ষী সত্যাসত্য পৰীক্ষণৰ প্ৰয়োজন হয়।

মাচুল

মাচুল সন্দৰ্ভত তথ্যৰ বাবে ইয়াত দিয়া লিংক চাওঁক :  ইয়াত ক্লিক কৰক।

প্ৰয়োজন হোৱা নথিপত্ৰসমূহ

  1. ব্যক্তিগত বিৱৰণ।
  2. ঠিকনা প্ৰমাণপত্ৰ।
  3. বয়সৰ প্ৰমাণপত্ৰ।
  4. আৰক্ষীৰ সত্যাসত্য প্ৰতিবেদন।
  5. আবেদনকাৰীৰ সদ্য প্ৰকাশিত পাছপোৰ্ট আকাৰৰ ফটো লগতে আবেদনকাৰীৰ স্বাক্ষৰ।
  6. কৰ্মৰত অৱস্থাৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নো অবজেকছন চাৰ্টিফিকেট বা অনাপত্তি প্ৰমাণপত্ৰ।

গুৰুত্বপূৰ্ণ সময়ৰেখা

তিনি বছৰৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ নৱীকৰণ কৰা হয়।

কেনেকৈ আবেদন কৰিব

অস্ত্ৰৰ অনুজ্ঞাৰ নৱীকৰণৰ বাবে আবেদনকাৰীয়ে সূচী-২ ত ডাইনলোড কৰি লোৱা আবেদন প্ৰ-পত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিৰে সৈতে দাখিল কৰিব লাগে।

সেৱাৰ প্ৰকাৰ

এই সেৱাৰ প্ৰকাৰ অফলাইন।

পূৰ কৰিবলগীয়া প্ৰ-পত্ৰ

সূচী-২অস্ত্ৰ অনুজ্ঞাৰ নৱীকৰণৰ প্ৰ-পত্ৰডাউনলোড

কাৰ সৈতে যোগাযোগ কৰিব

অসমৰ জিলাসমূহৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ অস্ত্ৰ অনুজ্ঞা প্ৰদান শাখা নতুবা অসম চৰকাৰৰ গৃহ বিভাগ, অসম সচিবালয়, দিশপুৰ।