মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

ভুক্তভোগীৰ ক্ষতিপূৰণ আঁচনিৰ বাবে আবেদন

চিহ্নাংকসূচী:

  • সেইসকল ভুক্তভোগী বা তেওঁৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিৰ বাবে আবেদনযোগ্য যিয়ে কোনো অপৰাধমূলক কাৰণবশতঃ ক্ষতিৰ সন্মুখীন হয়।
  • এই আঁচনি ‘ৰিহেবিলিটেশ্বন’ বিচৰা ব্যক্তিসকলৰ বাবেও আবেদনযোগ্য।
  • ক্ষতি নতুবা আঘাতপ্ৰাপ্ত হোৱাৰ ধৰণ অনুসৰি ক্ষতিপূৰণ প্ৰদানৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰিত।
  • অধিক তথ্যৰ বাবে ইয়াৰ লিংকত ক্লিক কৰক।
  • ব্লক-এম, তৃতীয় মহলা, অসম সচিবালয়: Assam Victim Compensation Scheme, 2012

অৱলোকন

ভুক্তভোগী ক্ষতিপূৰণ নিধি হৈছে এটি আঁচনি যাৰ জৰিয়তে ভুক্তভোগী নতুবা তেওঁৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিক কোনো অপৰাধমূলক ঘটনাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে সন্মুখীন হোৱা ক্ষতিৰ বা আঘাতৰ বাবে ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা কৰা হয়। ৰিহেবিলিটেশ্বন বিচৰা ব্যক্তিসকলৰ বাবেও এই আঁচনি প্ৰযোজ্য। ৰাজ্য চৰকাৰে প্ৰতি বছৰে এই উদ্দেশ্যে এক বিশেষ বাজেট নিৰ্ধাৰণ কৰে। এই নিধি ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষৰ সদস্য সচিবে পৰিচালনা কৰে আৰু প্ৰয়োজন অনুসৰি সময়ে সময়ে জিলা আইনী সেৱা কৰ্তৃপক্ষলৈ এই নিধি আগবঢ়োৱা হয়।

বেংক ট্ৰ্যান্সফাৰ পদ্ধতিৰ জৰিয়তে এই নিধি প্ৰদানৰ ব্যৱস্থা কৰা হয়।

প্ৰক্ৰিয়া গতি

ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিলে নতুবা কোনো ভুক্তভোগী ব্যক্তিয়ে নতুবা তেওঁৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিয়ে আবেদন কৰিলে জিলা আইনী সেৱা কৰ্তৃপক্ষ বা ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষই এই মোকৰ্দমাসমূহ পৰীক্ষা কৰে আৰু সত্যাসত্য বিচাৰ কৰে। ইয়াৰ উপৰিও প্ৰয়োজন অনুসৰি সত্য ঘটনাৰ প্ৰামাণিকৰণৰ বাবে অন্য নথিও তেওঁলোকে বিচাৰিব পাৰে। সত্যাসত্য পৰীক্ষণৰ অন্তত কৰ্তৃপক্ষই দুমাহৰ ভিতৰত ক্ষতিপূৰণৰ ধন আগবঢ়ায়।

যোগ্যতাৰ মাপকাঠি

 

  • ভুক্তভোগী নতুবা তেওঁৰ নিৰ্ভৰশীল ব্যক্তিয়ে সন্মুখীন হোৱা ক্ষতিয়ে যদি তেওঁৰ পৰিয়ালৰ উপাৰ্জনৰ দিশত বিস্তৰ ক্ষতিসাধন কৰে।
  • এনে ঘটনাত ভুক্তভোগী নতুবা তেওঁৰ নিৰ্ভৰশীল ব্যক্তিয়ে শীঘ্ৰে এই অপৰাধৰ বিষয়ে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নতুবা সেই অঞ্চলৰ ন্যায়িক দণ্ডাধীশক অৱগত কৰাব লাগে।
  • এই কেছৰ অনুসন্ধান চলি থকাৰ সময়ছোৱাত অপৰাধৰ চিকাৰ হোৱা ব্যক্তি নতুবা তেওঁৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিয়ে আৰক্ষীৰ সৈতে সহযোগ কৰিব লাগে।

 

প্ৰয়োজন হোৱা নথিপত্ৰসমূহ

  • ইয়াৰ বাবে এনে নথিপত্ৰৰ প্ৰয়োজন যিয়ে প্ৰমাণ কৰে যে মৃত্যু বা আঘাতপ্ৰাপ্ত হোৱা ঘটনাই পৰিয়ালৰ উপাৰ্জনৰ দিশৰ বিস্তৰ ক্ষতিসাধন কৰিছে।
  • ইয়াৰ বাবে ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষ অথবা জিলা আইনী সেৱা কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিব লাগে।

গুৰুত্বপূৰ্ণ সময়ৰেখা

এই আবেদন কৰাৰ দুমাহৰ ভিতৰত নিধি প্ৰদান কৰা হয়।

কেনেকৈ আবেদন কৰিব

ইয়াৰ বাবে ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষ অথবা জিলা আইনী সেৱা কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিব লাগে।

সেৱাৰ প্ৰকাৰ

এই সেৱাৰ প্ৰকাৰ অফলাইন।

ক’ত যোগাযোগ কৰিব

গৃহ আৰু ৰাজনৈতিক বিভাগ

চিএম ব্লক, তৃতীয় মহলা,অসম সচিবালয়