মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

পৰিয়াল পেঞ্চনৰ বাবে আবেদন

চিহ্নাংকসূচী:

  • এই পেঞ্চন প্ৰদান ব্যৱস্থা চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য যি কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰে।
  • তেওঁৰ পৰিয়ালৰ সদস্যসকলে বিশেষ পেঞ্চন লাভ কৰে।
  • চৰকাৰী কৰ্মচাৰীগৰাকী অৱসৰ গ্ৰহণ কৰিবলগীয়া তাৰিখলৈকে পৰিয়ালৰ সদস্যসকলে এই বিশেষ পেঞ্চন লাভ কৰে।
  • ইয়াৰ বাবে আবেদনপত্ৰৰে সৈতে নথিপত্ৰসমূহ দাখিল কৰিব লাগে।

অৱলোকন

অসম পেঞ্চন সেৱা প্ৰাধিকৰণ ১৯৬৯ ৰ বিধি অনুসৰি এগৰাকী চৰকাৰী কৰ্মচাৰী যিয়ে বাৰ্ধক্যজনিত কাৰণত কাম কৰাত অপাৰগ হৈ কামৰ পৰা অব্যাহতি লয় নতুবা কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰে তেতিয়া এই কৰ্মচাৰীগৰাকীৰ পৰিয়ালে পৰিয়াল পেঞ্চন লাভ কৰিব পাৰে।

যোগ্যতাৰ মাপকাঠি

পৰিয়ালে এই সুবিধা লাভ কৰিবলৈ ব্যক্তিগৰাকী চৰকাৰী কৰ্মচাৰী হ’ব লাগিব।

চৰকাৰী কৰ্মচাৰীগৰাকীয়ে বাৰ্ধক্যজনিত কাৰণত কাম কৰাত অপাৰগ হৈ কামৰ পৰা অব্যাহতি ল’ব লাগিব নতুবা চৰকাৰী কৰ্মচাৰীগৰাকীৰ কৰ্মৰত অৱস্থাত মৃত্যু হ’লে তেওঁৰ পৰিয়ালে এই বিশেষ পেঞ্চন লাভ কৰিব।

প্ৰয়োজন হোৱা নথিপত্ৰসমূহ

বৈধ উত্তৰাধিকাৰী/অনাপত্তি প্ৰমাণপত্ৰ।

মৃত্যুৰ প্ৰমাণপত্ৰ।

নিৰ্দেশিত কাকতত আবেদন।

গুৰুত্বপূৰ্ণ সময়ৰেখা

চৰকাৰী কৰ্মচাৰীগৰাকীয়ে অৱসৰ গ্ৰহণ কৰিবলগীয়া তাৰিখলৈকে বিশেষ পৰিয়াল পেঞ্চন প্ৰদান কৰা হয়।

কেনেকৈ আবেদন কৰিব

আবেদনপত্ৰৰ সৈতে নিৰ্দেশ কৰা হোৱা নথিপত্ৰ গাঁথি দি এয়া বিভাগত দাখিল কৰিব লাগে।

সেৱাৰ প্ৰকাৰ

এই সেৱাৰ প্ৰকাৰ অফলাইন।

ক’ত যোগাযোগ কৰিব

গৃহ আৰু ৰাজনৈতিক বিভাগ

চিএম ব্লক, তৃতীয় মহলা,অসম সচিবালয়