মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

পিআৰচি নিৰ্দেশনাৱলী

নিৰ্ধাৰিত নিৰ্দেশনাৱলী, পদ্ধতি আৰু সময়সীমা মানি লৈ জিলাৰ ডেপুটি আয়ুক্তই পাৰমেনেণ্ট ৰেজিডেন্স চাৰ্টিফিকেট বা স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰা হয়। স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ হৈছে এগৰাকী ব্যক্তিয়ে এখন ৰাজ্যত স্থায়ীৰূপে বসবাস কৰাৰ প্ৰমাণপত্ৰ।

নিৰ্ধাৰিত বিধান আৰু নিয়ম অনুসৰি স্থায়ী বসবাসৰ প্ৰমাণপত্ৰ (পাৰমেনেণ্ট ৰেজিডেন্স চাৰ্টিফিকেট) ৰ বাবে আবেদন কৰিবলৈ তলত উল্লিখিত যোগ্যতাসমূহৰ প্ৰয়োজন হয়:

  • আবেদনকাৰীগৰাকী ভাৰতীয় নাগৰিক হ’ব লাগিব।
  • আবেদনকাৰীগৰাকীৰ অভিভাৱক নতুবা পিতৃ পুৰুষে সৰ্বনিম্ন ৫০ বছৰ অসমত স্থায়ীভাৱে বসবাস কৰিব লাগিব।
  • আবেদনকাৰীগৰাকীয়ে সৰ্বনিম্ন ২০ বছৰ কাল অসমত বসবাস কৰিব লাগিব।
  • যদি এগৰাকী আবেদনকাৰীয়ে ওপৰত উল্লিখিত সমূহ যোগ্যতা সুকলমে সম্পন্ন কৰিব পাৰে তেতিয়া তেওঁ তেওঁৰ সন্তানৰ কাৰণেও ইয়াৰ বাবে আবেদন কৰিব পাৰে।

অধিক জানিবৰ বাবে ইয়াৰ ইণ্টাৰনেট লিংক দৰ্শন কৰক-

http://online.assam.gov.in/services