মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

স্বাৱলম্বন আঁচনি

স্বাৱলম্বন আঁচনি

বিভিন্ন উগ্ৰপন্থী সংগঠনৰ আত্মসমৰ্পণকাৰী তথা মূলসুঁতিলৈ উভতি অহা লোকসকলৰ কৰ্মৰ সামৰ্থ্য গঢ় দিবলৈ গৃহ আৰু ৰাজনৈতিক বিভাগে “স্বাৱলম্বন” নামে এটি আঁচনি আৰম্ভ কৰিছে যাৰ জৰিয়তে অংশকালীন ৰূপত ১৬০০০ কেডাৰক কৌশল বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ সফলতাৰে সম্পন্ন হোৱাৰ পিছত এই লোকসকলৰ বহনক্ষম জীৱন ধাৰণৰ বাবে বেংক লিংক প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰা হ’ব। ইতিমধ্যে বিভিন্ন দলৰ ৬৩০ গৰাকী কেডাৰক প্ৰশিক্ষণ প্ৰদান কাৰ্য্য সম্পন্ন কৰা হৈছে। এই উদ্দেশ্যৰ বাবে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, অসমৰ ৰাজ্যিক প্ৰতিষ্ঠানে মুখ্য ন’ডেল সংস্থা হিচাপে কাম কৰি আছে।