মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

অসম মানৱ অধিকাৰ আয়োগ

মানৱ অধিকাৰ আইন ১৯৯৩ অনুসৰি মানৱ অধিকাৰ উলংঘন সম্পৰ্কীয় ৰাজহুৱা অভিযোগৰ প্ৰতি সঁহাৰি জনাই মানৱ অধিকাৰ সুৰক্ষিত কৰিবলৈ চৰকাৰে ১৯৯৬ চনত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন কৰে।

প্ৰতিষ্ঠা

এপ্ৰিল ১৯৯৬

অধ্যক্ষ: ন্যায়াধীশ সুৰেন্দ্ৰ নাথ ভাৰ্গৱ। (ন্যায়িক)

সদস্য: ন্যায়াধীশ তৰুণ চন্দ্ৰ দাস। (ন্যায়িক)

সদস্য: শ্বেখ চান্দ মহম্মদ। (অ-ন্যায়িক)

বৰ্তমানৰ আয়োগ:

অধ্যক্ষ: পদ খালী

সদস্য: শ্ৰী নৱ কুমাৰ বৰা। (ন্যায়িক)

সদস্য: পদ খালী। (অ-ন্যায়িক)

উচ্চ ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা মুখ্য ন্যায়াধীশে এই আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্য্যনিৰ্বাহ কৰে।

এগৰাকী ন্যায়িক সদস্য আৰু এগৰাকী অ-ন্যায়িক সদস্য (অৱসৰপ্ৰাপ্ত ব্যক্তি যাৰ মানৱ অধিকাৰ সম্পৰ্কে বিস্তৃত জ্ঞান আছে) ই আয়োগক সহায়তা কৰে।

পীড়িত ব্যক্তিয়ে পোনপটীয়াকৈ আয়োগত তেওঁলোকৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে।

অনুসন্ধান কোষ

  • আৰক্ষীৰ ইনস্পেক্টৰ জেনেৰেল পৰ্যায়ৰ সঞ্চালকে অনুসন্ধান কোষৰ মুৰব্বীৰ দায়িত্বভাৰ গ্ৰহণ কৰে।
  • এই অনুসন্ধান কোষ এগৰাকী আৰক্ষী অধীক্ষক, পৰিদৰ্শক আৰু কনিষ্টবলেৰে গঠিত।
  • অনুসন্ধান কোষে আয়োগত পঞ্জীয়ন হোৱা মামলা মোকৰ্দমাসমূহৰ অনুসন্ধান কৰে।

প্ৰশাসন

  • অসম চৰকাৰৰ সচিব পৰ্যায়ৰ এগৰাকী সচিবে প্ৰশাসনীয় বিভাগৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰে।
  • তেওঁৰ সহায়তাৰ বাবে ইয়াত বিষয়া আৰু সহায়কাৰী থাকে।
  • এই বিষয়া আৰু সহায়কাৰীক সচিবালয় প্ৰশাসনীয় বিভাগে প্ৰতিনিধিত্ব কৰে।
  • অন্য বিষয়া আৰু সহায়কাৰীৰ গোটক আয়োগে নিজে নিযুক্তি দিয়ে।

নিধি

ৰাজ্য চৰকাৰে আয়োগলৈ মেজৰ হেড অৱ একাউণ্ট ‘২০৭০’ ৰ অধীনত সাহাৰ্য্য পুঁজি (বৈতনিক-অবৈতনিক) প্ৰদান কৰে যি সচিবালয় প্ৰশাসনীয় (বিত্ত) বিভাগে সচিব, অসম মানৱ অধিকাৰ আয়োগৰ নামত জমা বেংক একাউণ্টত প্ৰদান কৰে। ইয়াৰ পৰা দৰমহা প্ৰদানৰ ব্যৱস্থা কৰা হয়।

অসম মানৱ অধিকাৰ আয়োগৰ বাবে নিৰ্ধাৰিত কৰা নিধি যথাবিধি অনুসৰি অসমৰ অডিটৰ জেনেৰেলে হিচাপ পৰীক্ষণ সম্পন্ন কৰে আৰু অডিট ৰিপোৰ্টৰ এক পৃথক প্ৰতিবেদন অসম বিধানসভাত ৰখা হয়।

অধিক তথ্যৰ বাবে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অনলাইন লিংক চাওঁক: ইয়াত ক্লিক কৰক। 

অসম মানৱ অধিকাৰ আয়োগৰ ঠিকনা

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ ভৱন,ভঙাগড়, গুৱাহাটী: ৭৮১ ০০৫
সচিবৰ নাম: শ্ৰীযুত এইছ হালৈ, এচিএছ
দূৰভাষ: ৬৪৩৫৭২৬১৯৭
সদস্য: নৱ কমল বৰা, অৱসৰপ্ৰাপ্ত ছেছন ন্যায়াধীশ